Psalms 150

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
ঈশ্বৰৰ পবিত্ৰস্থানত তেওঁৰ প্ৰশংসা কৰা;
তেওঁৰ শক্তিৰে গঢ়া আকাশ-মণ্ডলত তেওঁৰ প্ৰশংসা কৰা।
2তেওঁৰ মহৎ কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা,
তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।

3শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা;

নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।
4খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা;
তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।
5কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা;
কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।

6শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Copyright information for AsmULB